Jun 27, 20211 min

শ্বহীদ কুশল কোঁৱৰ

আজি সুঁৱৰিছো তোমাক
 
সুঁৱৰিছো তোমাৰ মহান বলিদানক,
 
আজি গভীৰ শ্ৰদ্ধাঞ্জলিৰে
 
সুঁৱৰিছো অসমৰ মহান সন্তানক।

সামাজিক কৰ্মৰ স্বাৰ্থত
 
নিজৰ চাকৰিও ত্যাগ কৰে,
 
স্বাধীনতা আন্দোলনত জঁপিয়াই
 
শেষত ফাঁচিকাঠ বৰণ কৰে।

আছিল দৃঢ় বিশ্বাসী
 
অহিংস আন্দোলনৰ,
 
আদৰ্শৱান স্বাধীনতা সংগ্ৰামী
 
আমাৰ শ্বহীদ কুশল কোঁৱৰ।

তেওঁ এগৰাকী সাহসী নেতা
 
আছিল নিষ্ঠাৱান ব্যক্তি,
 
শত শত নমন কোঁৱৰদেৱ
 
মহান তোমাৰ দেশভক্তি।

#assamesekobita #axomiyakobita #kushalkonwar #SahityaChorcha

    00
    0