Aug 7, 20211 min

মোৰ বৃন্দাবনত কোন কানাই তুমি

বাঁহীৰ সুৰৰ ঝংকাৰ তুলি
 
মোৰ বৃন্দাবনত কোন কানাই
 
মোৰ এপিয়লা প্ৰেমৰ ফটিকা খায়
 
কোন ৰাধাই নুপুৰ বজায়,

যমুনা জোনাকসনা ঢৌৱে
 
বাহিৰত ৰাগ টানে
 
ষোড়শ গোপী মাউখে উটাই
 
শ্ৰোতস্বিনী নদীৰ দীপ্ততাত ।

কোন বাৰু!!!
 
মোৰ বৃন্দাবনত সোমায়
 
উৰাল কোবাই কলিজা কপায়
 
উৰেটো ৰাতি কটাই,

মই হব পৰা নাই
 
যমুনাৰ মূখৰ ৰাধা
 
তোমাৰ ওমাল পৰশত গুণগুণাই গাবলৈ এটা কবিতা

তোৰ বিশাল হৃদয়ত
 
তোৰ অন্তহীন জীৱন মাধুয্য
 
মই আঁকিব পৰা নাই
 
জোনাক জোনাক লগা হৃদয়ৰ ৰেখা

#assamesekobita #axomiyakobita #murbrindabonotkunkanaitumi #SahityaChorcha

    00
    0