Jun 9, 20211 min

ভালপোৱাৰ উত্তৰ বিচাৰি

মোৰ হৃদয়ৰ লঠঙা ডালত
 
তোমাৰ প্ৰেমৰ কোমল কুঁহি
 
উশাহত হিমগলা উষ্মতাৰ নিলাজ চুপতি।

কেনেকৈ ভাৱিলা?
 
অলপ খং-অভিমানৰ শব্দত
 
বিচ্যুত হ’ব পাৰে,
 
দুটি হৃদয়ৰ মিলনৰ সঙ্গীত।

ভুলৰ পৰিপ্ৰেক্ষিতাত
 
নৈৰাশ্যৰ স্থানপ্ৰাপ্তি…
 
ভাৰাক্ৰান্ত মনৰ ক্ষণস্থায়ী তিষ্ঠি।

তুমি কোৱাৰ দৰে,
 
মই সহজ নহয় বাবেই হয়তো
 
তোমাক ঘিণ কৰাৰ অজুহাতত
 
থাপনাত জ্বলাব পৰা নাই
 
সুখৰ বন্তি…

তুমিতো নুবুজা,
 
তোমাৰ অনুৰাগত
 
বিহ্বল হোৱা হৃদয়ৰ ঠিকনাত
 
বৈৰাগী হোৱাৰ অভিলাষ।

দূৰৈত বিলীন যোৱা
 
মোৰ কলিজাৰ আধাত
 
আজিও জীয়াই আছে
 
তোমাতেই হেৰাই যোৱা
 
মোৰ নিঃস্বাৰ্থ ভালপোৱা।

#assamesekobita #assamesepoem #bhalpuwaruttarbisari #SahityaChorcha

    10
    0