Aug 7, 20211 min
বৰ দুখ লাগে
হে শিল্পী
নিশা তোমাৰ অভিনয়ত
গদ্ গদ্ হৈ
হাত চাপৰিত
প্ৰেক্ষাগৃহ কঁপাই তোলা
দৰ্শকবোৰ এতিয়া ক’ত ?
মঞ্চত ৰাজসিংহাসনত
উপৱিষ্ট হৈ
প্ৰজাক শাসন কৰা
মহাৰাজৰ ঘৰৰ
আখলত যেতিয়া জুই
নজ্বলে
তেতিয়া বৰ দুখ লাগে।
তোমাৰ প্ৰতিটো সংলাপত
হাঁহিৰ ৰোল তোলাৰ পিছত
তোমাৰ ঘৰত থকা
একমাত্ৰ পুত্ৰৰ
অসুস্থতাত এপালি দৰৱ
কিনিবলৈ পত্নীয়ে যেতিয়া
হাহাঁকাৰ কৰে
তেতিয়া বৰ দুখ লাগে।
নৃত্য-গীতৰ ছন্দেৰে
সংগীতৰ লহৰেৰে
প্ৰেক্ষাগৃহ ৰজনজনাই থাকোতে
তোমাৰ ৰুগীয়া মাতৃ-পিতৃয়ে
তোমালৈ বাট চায়
যেতিয়া ইহলীলা
সম্বৰণ কৰে
তেতিয়া বৰ কষ্ট পাওঁ।
দূৰ্যোগৰ সময়ত
তোমাৰ খবৰ ল’বলৈ
এষাৰ মাত দিবলৈ
জীয়াই থকাৰ বাবে
উৎসাহ দিবলৈ
তোমাৰ কাষত যেতিয়া
কোনোৱে থিয় নহয়
তেতিয়া বৰ দুখ লাগে।
জীয়াই থকাৰ শেষ
আশাকণো নাইকীয়া হৈ
ভীক্ষাৰ পাত্ৰ হাতত
লোৱাৰ বাহিৰে যেতিয়া
আন পথ ৰুদ্ধ হৈ পৰে
তেতিয়া বৰ দুখ লাগে।
এই দুখবোৰ আঁতৰক
প্ৰেক্ষাগৃহ বোৰ
হাজাৰ হাজাৰ
নিয়ন লাইটেৰে
উজ্বলি উঠক
দৰ্শকৰ হাত চাপৰিত
কাণ তালমাৰি ধৰক
এইয়া পুনৰ নহ’বনে??
#SahityaChorcha #bardukhlage #assamesepoetry #axomiyakobita #assamesekobita