Apr 30, 20213 min

বিহংগম (নৱম খণ্ড) – যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে

গাড়ীখনৰ পৰা নামি অভিনন্দন আৰু টেক্সিৰ ড্ৰাইভাৰজনে কি হৈছে মানুহৰ ভিৰ ঠেলি উমান লবলৈ চেস্তা কৰিলে ৷ পথৰ কাষৰ পৰা ত্রিশগজ মান তলত গড়খাৱৈত এখন হুণ্ডাই নেভেৰা গাড়ী ওলোটাখাই পৰি আছে৷ চকাফুটি চুচৰি গ’ল৷ গোটখোৱা মানুহখিনিয়ে ততাতৈয়াকৈ দূৰ্ঘটনাত পতিত গাড়ীখনৰ পৰা গুৰুত্বৰ ভাৱে আহত অৱস্থাত এজন বৌদ্ধ লামা উদ্ধাৰ কৰিব সমৰ্থ হ’ল৷ কিন্তু সন্তাপৰ কথাটো হ’ল দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভূটীয়া ড্ৰাইভাৰজন আৰু আনজন ভাৰতীয় যাত্ৰী নিহত হৈছে ৷ নিহত ভাৰতীয় জন আৰু ভূটীয়া ড্ৰাইভাৰজনৰ শেঁতা পৰা মুখ দুখন দেখি অভিনন্দন মনত বিষাদ আৰু বিস্ময়ৰ উদয় হ’ল ৷ ধৰ্মাত্মা লামাৰ কথাবোৰ মনত পৰাত তাৰ মুৰটো আচন্দ্ৰাই কৰিলে৷ কোনোমতে সি আহি গাড়ীখনৰ পিছৰ ছিট টোত বহি পৰিল ৷ মৃত ভাৰতীয় জনৰ আধাৰ কাৰ্ড খনৰ নামটো পঢ়ি অভিনন্দন শিঞৰি উঠিল৷ অভিনন্দন কাকতি, বয়স ৪২ বছৰ শালমাৰা, ধুবুৰী ৷ তাৰ সম বয়সৰ একে নামৰ মৃত লৰাজনৰ শেঁতা পৰা মুখখন দেখি তাৰ বুকুখন শোকত ভাগি পৰাৰ লগে লগে এক বুজাব নোৱাৰা ৰহস্যত আতংকিত হৈ পৰিল ৷ তাৰ মানে সচাঁকৈয়ে ধৰ্মাত্মা লামাজনে আগজাননী দিয়া মতে তাহাঁতৰ গাড়ীখন এই অভাৱনীয় দূৰ্ঘটনাটোত পতিত হ’বলগীয়া আছিল ৷
 
একমাত্ৰ ধৰ্মাত্মা লামাজনে তাহাঁতৰ জীৱন ৰক্ষা কৰি যোৱাৰ কাৰণে সি লামাজনৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ল ৷ লামাজনক তাৰ খুব লগ পাবলৈ মন গ’ল ৷ সৌভাগ্যবশত: চাৰি ঘন্টা ধৰি লাভ কৰা ধৰ্মাত্মা লামাৰ সান্নিধ্য কন সুঁৱৰি তাৰ বুকুখন উৰুঙা হৈ পৰিল ৷
 
সন্ধিয়া প্ৰায় পাচমান বজাত ৰহস্য ভৰা বৰ্ণিল অভিজ্ঞতাৰে পৰিপুষ্ট দীঘলীয়া যাত্রাৰ অন্তত অভিনন্দন অৱশেষত থিম্ফুৰ চোটেন লেমৰ (লেম মানে জংখা ভাষাত পথ) কাষত থকা গালিংখা হোটেলত উপস্থিত হ’ল ৷ বেবেচাত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ভাৰতীয় মানুহজন আৰু ভূটীয়া ড্ৰাইভাৰজনৰ কথা ভাবি ভাবি সি কেতিয়া আহি হোটেল পাই গ’ল গমেই নাপালে৷ সেই সময় চোৱাত বাৰে বাৰে ধৰ্মাত্মা লামাজনৰ কথাই তাৰ মনলৈ আহি আছিল৷ তাহাঁতক যদি মাজতে ৰখাই সময়ৰ ব্যৱধান নকৰিলে হেতেন হয়তো তাহাঁতৰ মৃত্যু অনিবাৰ্য্য আছিল ৷ এই সকলোবোৰ কথা ভাবি আহি থাকোতেই থিম্ফু চহৰখন চকু ফুৰাবলৈকে নহ’ল৷ ভাৰাক্ৰান্ত অৱস্থাত অভিনন্দনে কোনোমতে টেক্সি ড্ৰাইভাৰজনক বিদায় দি হোটেল গালিংখাৰ ৰিচেপচন কাউন্টাৰলৈ খোজ দিলে৷ জকমকাই থকা এযোৰ সেউজীয়া ৰঙৰ কিৰা পৰিহিত মৰম লগা অপৰূপ ভূটীয়া ছোৱালী তাৰ কাষলৈ আহি কৰযোৰে মুৰ দোৱাই অভিবাদন জনাই তাক ৰিচেপচনলৈ আগবঢ়াই লৈ গ’ল ৷ জেচিবি কোম্পানীৰ ডীলাৰ উগেন আৰ্থমোভাৰ্চৰ জেনেৰেল মেনেজাৰ মি: উগেন টেনজিঙে তাৰ নামত ইতিমধ্যেই ৰুম বুকিং কৰি ৰাখিছিল ৷ গতিকে পাচপৰ্ট খনৰ কপি এটা জমা দিয়াৰ পাছতেই তাক মৰম লগা ভূটীয়া ছোৱালীজনীয়ে পুনৰ তাক তাৰ ৰুমলৈ আগবঢ়াই লৈ গ’ল৷ অভিনন্দনে কিৰাৰ ওপৰত তাই পিন্ধি থকা পাতল হালধীয়া ৰঙৰ ওৱাংগো (ব্লাউজ) টোৰ ওপৰত লগাই থোৱা বেজটোৰ পৰা তাইৰ নাম টো অচাৰা বুলি গম পালে ৷ তাই ৰুমৰ দুৱাৰখন খুলিয়েই অভিনন্দনক অয়ল হিটাৰটোলৈ আঙুলিয়াই ৰাতি ঠান্ডা পৰিলে ছুইচ অন কৰি লবলৈ কলে ৷ মুখত লাগি থকা লাজ লাজ মিচিকিয়া হাঁহিটোৰে অচাৰাই তাক এফালৰ পৰা ফুড মেন্যু, টেলিফোন ডাইৰেক্টৰী, ৰাতিৰ ডীনাৰ আৰু পুৱাৰ আহাৰৰ বিবৰণ দি গ’ল ৷ ভোক আৰু ভাগৰত সি ক্লান্ত হৈ পৰিছিল ৷ ছোৱালী জনী ৰুমৰ পৰা ওলাই যোৱাৰ পাছতে সি একেকোবেই বাথৰুমত সোমাল গৈ ৷ ভৰি হাত কেইখন ধুই অলপ জিৰাই লব বুলি লাহেকৈ বিচনা খনত পৰি দিলে ৷ ধকধকীয়া বগা বিচনাচাদৰৰে পৰিপাটি কৈ পাৰি থোৱা বিচনাখনৰ একোনত আইনাৰ দুৱাৰ লগোৱা সৰু আলমাৰিৰ ভিতৰত এটা ইলেক্ট্ৰিক কেটলি,এটা সৰু বৈয়ামৰ ভিতৰত কেইখনমান বিস্কুট, এযোৰ কাপ প্লেট লগতে এখন কিতাপ সজাই থোৱা আছে ৷ আলমাৰিটোৰ ওপৰত ৰজা আৰু ৰাণীৰ যুগ্ম ফটোৰ লগতে এটা সুন্দৰ ফুলদানিও সজাই ৰাখিছে ৷ সি আলমাৰিটোৰ পৰা কিতাপ খন উলিয়াই আনিলে বেটুপাতত এজন বৌদ্ধ সন্যাসীৰ ফটোৰ তলত ইংৰাজীতে লিখা আছিল Zhabdrung,The Father of Bhutan.
 
সোতৰ শতিকাৰ ভুটানৰ গৃহযুদ্ধৰ ওপৰত লিখা কিতাপখন লৈ অভিনন্দন বিচনাত পৰি দিলে৷
 
কিতাপখনত লিখা প্ৰস্তাৱনা শিতানটো তাৰ বহুত ভাল লাগিল ৷ ভূটানৰ গৃহযুদ্ধৰ পটভূমিত লিখা কিতাপখন পঢ়ি থাকোতে তাৰ কেতিয়া টোপনি আহিল সি গমেই নাপালে৷
 
ৰাতি দুৰৈৰ পৰা উটি অহা দেৱাল ঘড়ীৰ টংটংকৈ বজাঘন্টাৰ শব্দত অভিনন্দনৰ টোপনি ভাঙিল৷ সাৰপোৱাৰ লগে লগে ভোকত তাৰ পেট কলমলাবলৈ ধৰিলে৷ হাতৰ ঘড়ীটোলৈ চাই দেখিলে ৰাতি বাৰটা বাজিছে৷ মোবাইলটো হাতত লৈ দেখিলে ১৫টা মান মিচকল ৷ গুৱাহাটীৰ পৰা আহোতেই ইন্টাৰনেচনেল ৰোমিঙ সেৱাৰ সুবিধাৰ কৰি আনিছিল যদিও কেইটামান গুৰুত্বপূৰ্ণ ফোনকল কৰিবলৈ ৰৈয়েই গ’ল ৷ তাৰ ভিতৰত মি: উগেন টেনজিঙো এজন ৷ তেওঁ চাগে বেয়াই পাইছে ৷ তেওঁৰ নম্বৰ ৰ পৰা সাতটা মিচকল ৷ বাৰু যিয়েই নহওঁক সদ্যহতে কিবা খাবলৈ পোৱা যাব নেকি খুধিবলৈ ডাইনিঙ আৰু ৰিচেপচনত ফোন কৰি কাকোৱেই নোপোৱাত সি দুষাৰ খন খুলি ৰুমৰ পৰা ওলাই যাব লৈ লওতেই বাহিৰৰ হিম চেঁচা বতাহ এজাকে ঠেৰেঙা লগাই দিলে ৷সি খৰধৰকৈ উইন্ড চিটাৰ এটা বেগৰ পৰা উলিয়াই পিন্ধি লৈ খাদ্যৰ সন্ধান তলৰ মহলাৰ ৰিচেপচনলৈ বুলি খোজ পেলালে৷

#assamesekobita #assamesepoetry #bihangam #SahityaChorcha

    00
    0