Feb 8, 20211 min

ফাগুন আহিছে গোপনে

তোমাৰ কলিজাটো এতিয়া
 
মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ
 
দুচকুৰ নীলাৰে বৈ বৈ
 
প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি
 
বহিছা সেউজীয়া দলিচা পাৰি।
 
মই মুগ্ধ হৈ চাই ৰৈছোঁ
 
তোমাৰ চিকুণ মুখনি।
 
ফাগুন আহিছে গোপনে
 
ৰঙা পলাশ হৈ,
 
তোমাৰ কলিজাৰ ৰংবোৰ
 
মোৰ দুগালত সানিবলৈ।
 
উন্মনা মনে বিচাৰিছে
 
সৰাপাতৰ বুকুত
 
বসন্তৰ ৰং, জীৱনৰ ৰং।
 
সন্ধ্যা ধূসৰ
 
সৰাপাতৰ বুকুত নিয়ৰ জৰ্ জৰ্
 
উকা পথাৰত লঠঙা শিমলুৰ
 
দুবাহুৰ আহ্বান
 
নীলাভ আকাশলৈ
 
এমুঠি সপোনৰ বৰষুণ
 
জিৰি জিৰি বৈ আহক
 
ধৰাৰ বুকুলৈ।

#assamesekobita #axomiyakobita #fagun #SahityaChorcha

    00
    0