Jul 5, 20211 min

প্ৰতিবাদ

মোৰ অনুপ্ততৰ নাম প্ৰতিবাদ
 
মোৰ কোনো আকাৰ নাই
 
মোৰ কোনো বৰণ নাই
 
মোৰ কোনো সাজ নাই
 
মোৰ কোনোধম্ম নাই,
 
মোৰ প্ৰতিবাদ গণতন্ত্ৰৰ
 
মোৰ প্ৰতিবাদে মোৰ আঙুলিত পিৰপিৰাই
 
য’ত ভুল,অন‍্যায়,অবিচাৰত।
 
মোৰ মন-মগজু স্বীকাৰ কৰে
 
জনগনই য’ত বিন্দু হৈ মাতমাতে
 
কাৰণ তাতেই মই সপোন সজাওঁ
 
নাম যাৰ প্ৰতিবাদী,
 
মই যেতিয়া চিঞৰ মূখি হৈ পৰো
 
অৱগুণ্ঠ অতৰাই আইয়ে হিয়া ঢকিয়াই কান্দে
 
যাৰ নাম প্ৰতিবাদী।
 
প্ৰতিবাদে আজুৰি আনিম
 
বিশ্বৰ বিজয়িনী শক্তি
 
মোৰ কণ্ঠ সত্বাই জিনিব আকাশ
 
পাতিম অকৃত্ৰিম সুখৰ উৎসৱ
 
মই যুঁজি যুঁজি জীয়াই থাকিম।

#SahityaChorcha #assamesepoem #pratibad #axomiyakobita #assamesekobita

    10
    0