Jun 7, 20211 min

প্ৰেমৰ কল্পনা

বহু লিখিলোঁ
 
প্ৰেমৰ কবিতা
 
তথাপি নাপালোঁ
 
মোৰ কবিতাৰ প্ৰেমত
 
মতলীয়া প্ৰেমিক

হঠাৎ শুনিলোঁ
 
দুৰণিৰ পৰা ভাঁহি অহা
 
এটি প্ৰেমৰ সুহুৰি
 
মোৰ হিয়াত ঝংকাৰিত কৰি গ’ল
 
প্ৰেমৰ অনুৰাগ

এতিয়া মাতাল মই
 
তোমাৰ প্ৰেমৰ ৰাগিত
 
উৰি ফুৰিছোঁ প্ৰেমৰ সুবাস লৈ
 
মুক্ত বিহঙ্গ হৈ, পখিলা হৈ
 
ফুলে পাতে গছে বনে
 
তোমাৰ প্ৰেমৰ মায়াত।

#assamesekobita #assamesepoetry #premorkalpana #SahityaChorcha

    20
    0