Jun 11, 20211 min

খৰিকা জাঁই সুবাস

মোৰ কোঠাৰ কাষতে আছে
 
খৰিকা জাঁই ফুলজোপা
 
পুৱা খিড়ীকি খুলিয়ে
 
তাৰ সুবাস পাওঁ মই
 
সেই সুবাসত বিচাৰি পাওঁ
 
মোৰ মনৰ বাসনা
 
হেঁপাহৰ সোনোৱালী সপোন
 
কৰ্মস্পৃহা……
 
উদ্যমতা……
 
হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পে
 
খৰিকা জাঁই সুগন্ধি
 
সেই সুবাসতে….
 
ফুলি উঠে মোৰ তেজাল কলিজা
 
সৃষ্টি হয় এক কেচা কবিতা……

#assamesekobita #assamesepoetry #kharikajaihubakh #SahityaChorcha

    00
    0