Jan 23, 20211 min

এটা কবিতা

মোৰ প্ৰয়সীয়ে কয়
 
মই হেনো বলিয়া

তেওঁ কিন্তূ অনুভৱেই নকৰে
 
মইযে সুন্দৰ ভাৱে বুজি পাওঁ
 
তেওঁ কিমান চালিয়া

বাস্তৱৰ বাদে তেওঁ ভৱিষ্যত বুজি নেপায়
 
বিস্মৃতি তেওঁৰ পদে পদে লগৰীয়া
 
যিয়েই বিয়পাই বিবাদ
 
মোকহে হেলাৰঙে কৰে জগৰীয়া

নিজেহে নিজক বুজে আনক নুবুজে
 
আকাংক্ষাৰ সমুদ্ৰত উটি ভাঁহি
 
পাহৰো বুলিয়েই পাহৰি যায়
 
সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত প্ৰেমৰ ভাষা

কৰ্মৰ পৰা তেওঁৰ আজৰিয়েই নাই
 
দায়িত্বৰ কথা কিন্তু অকনো নুবুজে
 
ক’বলগা নক’বলগা সকলো কয় ধাৰাষাৰে
 
আনৰ কথা কিন্তু কণমানো নুবুজে নুশুনে

নিজৰ দোষো অকনো নেদেখে
 
পলে অনুপলে মোকহে দোষাৰোপ কৰে
 
তেওঁ ওলাই গ’লে ঘৰলৈ পাহৰে
 
তাকে ক’লে নগৰত জগৰ লাগে

নাৰী নহয় নদীৰ দৰে
 
নাৰীযে এজাক বিধ্বংসী ধুমুহা
 
বাৰিষা খৰালীৰ ঋতুৱে ঋতুৱে

নৰ নাৰী কোনোৱেই নহয় দোষী
 
সকলো সমানে দোষী
 
এখন তাল অকলে নেবাজে

#SahityaChorcha #poetry #axomiyakobita #atakobita #assamesekobita

    00
    0