Jan 29, 20211 min

অৰুন্ধতী লৈ

মোৰ অতিকৈ মৰমৰ তই অৰুন্ধতী –
 
তই যোজনৰ বাটত ৰৈ আছ!
 
তোৰ উশাহত শব্দৰ কঠিয়াই মোৰ বুকু চুই যায়-
 
তই মোৰ মানত এপাহ পাৰিজাত তই জানই নহয়:
 
তোক কিহে সজাম মই–
 
ফুলৰ মন্ত্ৰৰে নে? উশাহত তোৰ‌ ওঁঠত এক অমৃত মৌ কণাৰে–?
 
তই যিয়েই বিচাৰ তাকেই দিম দে-
 
ঐ শুনচোন — তই গোপনে গোপনে আহি থাকিবি অ’
 
কামচৰাইৰ ৰঙা ঠোঁট দৰে তোৰ হাঁহিটো
 
তই কিন্তু তেনেকৈয়েই থাকিবি দেই!!

#arundhatiloi #assamesekobita #axomiyakobita #SahityaChorcha

    10
    0