Jan 19, 20211 min

অচিনাকী মৃত দেহ

প্ৰতি নিশ্বাসত পলে পলে দেখা ম‌ই পাওঁ
 
কেঁচা আলিৰ দাঁতিত
 
অচিনাকী মানুহৰ
 
মৃত দেহ
 
নিশাৰ ভিতৰতে জানো কৰ পৰা আহিল
 
সেই অচিনাকী মৃত দেহ
 
মোৰ লিহিৰি আঙুলিৰ পৰশেৰে
 
লিৰিকি বিদাৰি চাওঁ
 
সেই মৃত দেহ
 
অসহনীয়
 
আঘাটৰ দাগবোৰ দেখি
 
মোৰ চকুৰ পতাত নিগৰে আৱেগৰ চকু পানী
 
শোকত ম্ৰিয়মান হৈ
 
ক্ৰমশঃ
 
এখোজ দুখোজ কৈ বিচাৰি যাওঁ মই
 
অচিনাকী মৃত জনৰ
 
পৰিচয় বিচাৰি।

#SahityaChorcha #poetry #axomiyakobita #deathbody #assamesekobita

    00
    0