Dec 21, 20201 min

মুখা

সপোনত এদিন যাম
 
তোমাৰ সৌন্দৰ্য্যশালী
 
মুখাৰ
 
আঁৰত
 
থকা মুখা বিচাৰি।
 
ৰূপোৱালী জোনৰ এমুঠি
 
পোহৰ লৈ
 
জোনাকী বাটেৰে যাম
 
তোমাৰ কাষলে।
 
তোমাৰ
 
সেই
 
অভিনয়ৰ সোনালী বেশ
 
বিচাৰি
 
থিতাপি ল’ম তোমাৰ কাষত
 
লগ হ’ম সাগৰ সংগমত।
 
চাম
 
একে থিৰে
 
তোমাৰ সেই অভিনয়ৰ
 
পাতনি,
 
আকাশী লতা হৈ বগাই যাম
 
সপোনত এদিন তোমাক
 
বিচাৰি।
 
চাম
 
প্ৰাণ ভৰি,
 
মুখাৰ আঁৰত থকা
 
অভিনয়ৰ মুখা খুলি।

#assamesekobita #axomiyakobita #Mukha #SahityaChorcha

    00
    0