May 1, 20211 min
আজি ৰাতিপুৱাই মালতীৰ অ’তবছৰে বিছনাত পৰি থকা শাহুৱেক গৰাকী একেবাৰে ঘুৰি নহা পথেৰেই গ’ল গৈ। পুতেক নথকা শাহুৱেকেও বোৱাৰীয়েককে মুখাগ্নি কৰিবলৈ কৈ থৈছিলে। সেইবাবেই ৰাইজক অনুৰোধ কৰি তাইয়েই মুখাগ্নি কৰিলে।মুখাগ্নি কৰি গা-পা ধুই আজৰি হৈ তাই কণ-কণ ল’ৰা-ছোৱালীহাল লৈ আগফালে বাৰান্দাতে বহি আছিল। তেনেতে গাঁৱৰে ৰমলাজেঠাই আহি তাইক কলে ,”তই দুখ নকৰিবি আই,শাহুৱেৰৰ কাৰণে তই বহুত কৰিলি। আজি তিনি বছৰে কম খিনি শৌচ-প্ৰস্ৰাব ধুলি নে? আজিৰ যুগত কোন বোৱাৰীয়ে কৰিব শাহুৱেকৰ কাৰণে? আজি ভাল হ’ল বুজিছনে, তইও আজিৰ পৰা আজৰি ।” ৰমলাজেঠাইৰ বুজনিয়ে মালতীৰ বুকুত শোকে খুন্দা মাৰি ধৰিলে। তাই আকাশখনলৈ চাই ভাবিলে “অত বছৰে গিৰিয়েক নথকা তাইজনীয়ে ল’ৰা-ছোৱালী দুটিক লৈ শাহুৱেকৰ পেন্সনৰ টকাকেইটাৰেই ঘৰখন চলাই আছিল। কিন্তু, আজিৰ পৰা তাই বাৰু সঁচাকৈয়ে আজৰি নে!!!”